Class 10 Social Science History Chapter 1 Solution: বংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন
GyanBrix Academic Team
Updated for 2026 SEBA Syllabus
Welcome to the complete SEBA Class 10 History Chapter 1 Answer 2026 for Assamese Medium. This crucial first chapter of Social Science covers বংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন (The Partition of Bengal and the Swadeshi Movement). Below, you will find a highly detailed Class 10 Social Science History Chapter 1 Solution prepared by expert SEBA teachers, including all textbook question answers, short notes, and detailed explanations to help you secure top marks in your final HSLC exams.
Table of Contents
Very Short Questions (অতি চমু উত্তৰৰ প্ৰশ্ন)
প্ৰশ্ন: ১) বংগ বিভাজন কোনগৰাকী ভাইচৰয়ৰ শাসন কালত সংঘটিত হৈছিল?
ভাইচৰয় লর্ড কার্জনৰ শাসন কালত বংগ বিভাজন সংঘটিত হৈছিল।
প্ৰশ্ন: ২) ১৯০৫ খ্ৰীষ্টাব্দৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল?
১৯০৫ খ্ৰীষ্টাব্দৰ ১৬ অক্টোবৰত বংগ বিভাজন কাৰ্যকৰী কৰা হৈছিল।
প্ৰশ্ন: ৩) বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ কোনখন সভাত গ্ৰহণ কৰা হৈছিল?
১৯০৬ চনৰ ২১ নৱেম্বৰ তাৰিখে দাদা ভাই নৌৰজীৰ সভাপতিত্বত কলকাতাত বহা কংগ্ৰেছৰ দ্বাবিংশতিতম অধিবেশনত।
প্ৰশ্ন: ৪) স্বদেশী আন্দোলনৰ সময়ছোৱাত ‘যুগান্তৰ' নামৰ সংবাদপত্র কোনে সম্পাদন কৰিছিল?
ভূপেন্দ্ৰ নাথ দত্তই।
প্ৰশ্ন: ৫) বংগদেশত ‘জাতীয় শিক্ষা পৰিষদ' নামৰ অনুষ্ঠানটো কেতিয়া গঠন হৈছিল?
১৯০৬ চনৰ ১৬ মাৰ্চত।
প্ৰশ্ন: ৬) 'বেংগল কেমিকেলচ' নামৰ উদ্যোগ প্রতিষ্ঠানটোৰ প্ৰথম উদ্যোক্তা কোন আছিল ?
আচার্য প্রফুল্ল ৰায় ।
প্ৰশ্ন: ৭) কাৰ পৌৰুহিত্যত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিবেশনে ভাৰতীয়ৰ বাবে ‘স্বৰাজ’ বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল?
দাদাভাই নৌৰজীৰ পৌৰুহিত্যত ১৯০৬ চনৰ ২১ নৱেম্বৰত অনুষ্ঠিত কলকাতাৰ জাতীয় কংগ্ৰেছৰ অধিবেশনত।
প্ৰশ্ন: ৮) ‘বন্দিনী ভাৰত’ নামৰ নাটকখনৰ ৰচক কোন?
অম্বিকাগিৰি ৰায় চৌধুৰী।
প্ৰশ্ন: ৯) বংগ বিভাজনক কেন্দ্ৰ কৰি কেতিয়া জাতীয় কংগ্ৰেছৰ মাজত বিভাজন ঘটিছিল ?
১৯০৬ চনত।
প্ৰশ্ন: ১০) বংগদেশৰ একত্ৰীকৰণ কেতিয়া হৈছিল?
১৯১১ চনৰ ১২ ডিচেম্বৰত।
Want all Chapter Notes Offline?
Download the updated GyanBrix app (v2.1.0) for a seamless bilingual experience (Assamese & English), offline notes, and daily mock quizzes to track your rank on the leaderboard!
Short & Descriptive Questions (চমু উত্তৰৰ প্রশ্ন)
প্ৰশ্ন: ১) বংগ বিভাজনে সৃষ্টি কৰা ‘পূর্ব বংগ আৰু অসম' নামৰ প্ৰদেশখনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্ৰধান তিনিটা ভৌগোলিক সংমণ্ডল উল্লেখ কৰা।
বংগ বিভাজনে সৃষ্টি কৰা ‘পূর্ব বংগ আৰু অসম' নামৰ প্ৰদেশখনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্ৰধান তিনিটা ভৌগোলিক সংমণ্ডল হ’ল : (ক) ঢাকা সংমণ্ডল, (খ) চট্টগ্রাম সংমণ্ডল আৰু (গ) ৰাজশ্বাহী সংমণ্ডল।
প্ৰশ্ন: ২) বংশ বিভাজনৰ অন্তর্নিহিত উদ্দেশ্য কি আছিল চমুকৈ লিখা।
প্রশাসনিক সুবিধাৰ উদ্দেশ্যে বংগ বিভাজন কৰা বুলি ভাইচৰয় লর্ড কার্জনে যুক্তি দৰ্শাইছিল যদিও ইয়াৰ অন্তর্নিহিত কাৰণ আছিল হিন্দু মুছলমানৰ মাজত বিভেদৰ সৃষ্টি কৰি জাতীয়তাবাদী ভাৱধাৰা সৃষ্টিত ব্যাঘাত জন্মোৱা। কাৰণ হিন্দু নেতৃত্বত পৰিচালিত হিন্দু-মুছলমান কৃষক আৰু শ্ৰমিকৰ অখণ্ড বংগবাসীৰ ৰূপটো ইংৰাজৰ শাসকসকলৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছিল।
ভাৰত সচিব হাবাৰ্ড ৰিজলীয়ে কাৰ্জনলৈ লিখা এখন চিঠিত লিখিছিল— ‘ঐক্যৱদ্ধ বংগ এটা বৃহৎ শক্তি, দ্বিখণ্ডিতকৰণেহে বৃহৎ বংগশক্তিক ভাঙি-ছিঙি চুৰমাৰ কৰিব।” গতিকে বংগ ভংগৰ অন্তর্নিহিত উদ্দেশ্য আছিল হিন্দু মুছলমানৰ মাজত থকা একতা ভাঙি দিয়া। উদ্দেশ্য সিদ্ধিৰ বাবে প্ৰয়োজন হৈছিল সাম্প্রদায়িক মনোভাৱৰ বিস্তাৰ ঘটোৱা ।
প্ৰশ্ন: ৩) বংগ বিভাজন বিৰোধী আন্দোলন ‘স্বদেশী আন্দোলন' নাম কিয় পাইছিল চমুকৈ লিখা।
ইংৰাজ চৰকাৰৰ ফালৰ পৰা বংগভংগ কাৰ্যত পৰিণত কৰাৰ মনোভাৱ স্পষ্টকৈ প্ৰকাশ পোৱাৰ পাছত বংগদেশত চৰকাৰ বিৰোধী জনজাগৰণ ক্রমান্বয়ে বৃদ্ধি পাবলৈ আৰম্ভ কৰিছিল। বংগ বিভাজনৰ জৰিয়তে হিন্দু-মুছলমানৰ মাজত বিভেদ সৃষ্টি কৰিবলৈ বিচৰা ইংৰাজৰ বিৰুদ্ধে সমগ্র বংগদেশতে জাতীয় আন্দোলনৰ সূচনা হয়।
১৯০৩ চনৰ ৬ ডিচেম্বৰ তাৰিখে বংগ প্ৰদেশ দ্বিখণ্ডিত কৰাৰ প্ৰস্তাৱ উত্থাপিত হোৱাৰে পৰা পূৰ্ব বংগ, উত্তৰ বংগ আৰু পশ্চিম বংগৰ বিভিন্ন ঠাইত অনুষ্ঠিত প্ৰতিবাদী সভাৰ যোগেদি প্রবল জনসংগ্ৰামৰ জোৱাৰ উঠিছিল। জাতি বর্ণ-নির্বিশেষে সকলো মানুহেই এই গণ সংগ্ৰামত জঁপিয়াই পৰিছিল। বংগ বিভাজনৰ ফলস্বৰূপে সংঘৱদ্ধভাৱে বিদেশী বস্তু বৰ্জন আৰু স্বদেশী বস্তু গ্ৰহণৰ সিদ্ধান্ত জনসভাত অনুমোদিত হোৱাৰ পাছত এই আন্দোলনে স্বদেশী নাম লয়।
প্ৰশ্ন: ৪) স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙণিৰ বিষয়ে আলোচনা কৰা।
‘বংগ ভংগ’ৰ বিৰুদ্ধাচৰণ কৰি বিপিন চন্দ্র পাল, ৰবীন্দ্ৰ নাথ ঠাকুৰ, আব্দুল ৰছুল প্ৰমুখ্য নেতাসকলে ছাত্র সমাজক চৰকাৰী শিক্ষানুষ্ঠান ত্যাগ কৰিবলৈ আহ্বান জনাইছিল। সতীশচন্দ্র মুখোপাধ্যায়, ৰবীন্দ্র নাথ ঠাকুৰ আৰু চাৰু দাস বন্দোপাধ্যায়ৰ সহযোগত ‘দি ডন্ ছ'ছাইটি’ নামৰ এটা জাতীয় অনুষ্ঠান গঢ় দি ছাত্ৰ মহলৰ মাজত দেশাত্মবোধ জাগ্রত কৰাত ব্ৰতী হৈছিল৷
সেই সময়ত ৰবীন্দ্ৰ নাথ ঠাকুৰে কলকাতাৰ এখন জনসভাত জাতীয় শিক্ষাৰ প্ৰয়োজনীয়তা সম্পর্কে জ্ঞানগর্ভ ভাষণ দিছিল। পিছদিনা বিশাল জনতাৰ উপস্থিতিত তেওঁ ‘বংগ জাতীয় বিদ্যালয়' নামৰ শিক্ষানুষ্ঠান প্রতিষ্ঠা কৰিছিল। ৮ নৱেম্বৰত ৰংপুৰত দ্বিতীয়খন জাতীয় বিদ্যালয় স্থাপন হয়। চৰকাৰী বিদ্যালয় ত্যাগ কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ক্রমাৎ বৃদ্ধি পোৱাত বংগদেশৰ ভালেকেইখন ঠাইত জাতীয় বিদ্যালয় গঢ়ি উঠিছিল।
ৰাসবিহাৰী বসুৰ অধ্যক্ষতাত কলকতাৰ টাউন হলত ১৯০৬ চনৰ ১১ মাৰ্চত ‘জাতীয় শিক্ষা পৰিষদ' নামৰ জাতীয় শিক্ষাৰ অনুষ্ঠান গঢ়ি উঠিছিল। ১৫ আগষ্টত বংগ জাতীয় মহাবিদ্যালয় স্থাপন কৰা হৈছিল। সেই বছৰতে ১২ ডিচেম্বৰত ইয়াক বংগ জাতীয় বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হয়। স্বদেশী আন্দোলনৰ সময়খিনিত সৰ্বমুঠ ৬২ খন মাধ্যমিক আৰু ৩০০০ খনৰো অধিক প্রাথমিক জাতীয় বিদ্যালয় গঢ় লৈ উঠিছিল। এইদৰে স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ বৰঙণি আগবঢ়াইছিল।
প্ৰশ্ন: ৫) স্বদেশী আন্দোলনৰ সময়ছোৱাত বংগদেশৰ জাতীয় শিল্পৰ বিকাশ কেনেদৰে হৈছিল?
স্বদেশী আন্দোলনৰ পটভূমিত আত্মশক্তি বিকাশৰ মানসিকতাই বংগদেশত জাতীয় শিল্প-কাৰখানা গঢ়ি তোলাৰ অনুকূল পৰিৱেশ সৃষ্টি কৰিছিল। স্বদেশী পণ্যৰ চাহিদা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন কূটীৰ শিল্প আৰু কেইবাটাও ডাঙৰ শিল্প প্রতিষ্ঠান গঢ়ি উঠিছিল। সূতা কটা কল, ক্ষুদ্ৰ আৰু মজলীয়া তাঁতশাল উদ্যোগ, সৰিয়হ তেল, চাবোন, চেনি, জুইশলা, বিস্কুট আদিৰ কাৰখানা গঢ়ি উঠিছিল। ইয়াৰ লগতে গঢ়ি উঠিছিল জাতীয় বেংক আৰু স্বদেশী বীমা কোম্পানী।
ৰবীন্দ্ৰ নাথ ঠাকুৰে প্ৰতিষ্ঠা কৰা ‘স্বদেশী ভাণ্ডাৰ’ (১৮৯৭), স্বদেশী আন্দোলনৰ ফলস্বৰূপে এটা জাকত-জিলিকা বস্ত্ৰ প্ৰতিষ্ঠানত পৰিণত হৈছিল। যোগেশ চন্দ্ৰ চৌধুৰী আৰু কৃষ্ণবিহাৰী সেনৰ প্ৰচেষ্টাত কলিকতাৰ বউ বজাৰত ইণ্ডিয়া ষ্টোৰচ্ (১৯০৫) নামৰ প্ৰতিষ্ঠানটো গঢ়ি উঠিছিল। সকলো প্ৰকাৰৰ স্বদেশী সামগ্রী এই প্রতিষ্ঠানত বিক্ৰী কৰা হৈছিল। ঠাকুৰ পৰিয়ালৰ কন্যা সৰলা দেৱীয়ে কৰ্ণৱালিছ ষ্ট্ৰীটত, ‘লক্ষী ভাণ্ডাৰ’ (১৯০৩) প্ৰতিষ্ঠা কৰিছিল। আব্দুল হালিম গজনবীয়ে লাল বজাৰত প্ৰতিষ্ঠা কৰিছিল 'ইউনাইটেড বেংগল ষ্টোর্চ (১৯০৬)।
বংগবাসীৰ মনত আত্মশক্তি আৰু আত্মনিৰ্ভৰশীলতাৰ বাতাবৰণ গঢ়ি তোলাৰ অৰ্থে জগদীশ বসু, প্রফুল্ল চন্দ্ৰ ৰায়, নীলৰতন চৰকাৰ আদি ব্যক্তিয়ে বংগদেশত বৃহৎ উদ্যোগ গঢ়ি তোলাৰ চিন্তা-চৰ্চা কৰিছিল। নীল ৰতন চৰকাৰৰ উদ্যোগত ‘বংগলক্ষী কটন মিল' (১ আগষ্ট, ১৯০৬) আৰু আচার্য প্রফুল্ল ৰায়ে ‘বেংগলছ কেমিকেলচ্ নামৰ উদ্যোগ প্ৰতিষ্ঠানৰ জন্ম হৈছিল। জামছেদজী টাটাই বিখ্যাত লৌহ শিল্প কাৰখানা (১৯০৭) গঢ়ি তুলিছিল।
বিদেশী আমদানিকৃত পণ্যৰ পৰিমাণ ভাৰতবৰ্ষত উল্লেখনীয়ভাৱে হ্ৰাস পাইছিল। কলিকতাৰ শুল্ক বিভাগৰ প্ৰতিবেদন অনুসৰি ১৯০৬-০৭ বিত্তীয় বৰ্ষত বিদেশী কাপোৰৰ ৫২ শতাংশ আৰু তৈলজাত পণ্যৰ ৮৮ শতাংশ আমদানি হ্রাস পাইছিল।
বংগদেশৰ ৰাজনৈতিক আন্দোলনক কেন্দ্ৰ কৰি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰদেশত আধুনিক উদ্যোগৰ বুনিয়াদ গঢ়ি উঠিছিল। ১৯০৫ খ্ৰীষ্টাব্দৰ ১৭ ডিচেম্বৰ তাৰিখে আৰ. চি. দত্তৰ পৌৰোহিত্যত বাৰাণসীত অনুষ্ঠিত প্রথম ‘ভাৰতীয় উদ্যোগ সন্মিলন'ত স্বদেশী উদ্যোগসমূহৰ প্ৰচুৰ সম্ভাৱনীয়তা সম্পর্কে দেশবাসীক সজাগ কৰি তুলিছিল। মুঠতে ভাৰতবৰ্ষৰ ব্যৱসায় আৰু শিল্পৰ ক্ষেত্ৰত বিদেশী আন্দোলনে এটা নতুন যুগৰ সূচনা কৰিছিল।
প্ৰশ্ন: ৬) স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্যে ব্ৰিটিছ চৰকাৰে কি কি আন্দোলন বিৰোধী কাৰ্যসূচী গ্রহণ কৰিছিল?
ব্ৰিটিছ চৰকাৰে বংগ ভংগৰ ক্ষেত্ৰত জাতীয় কংগ্ৰেছৰ উদাৰপন্থী নেতাসকলৰ পৰা সহযোগিতা আশা কৰিছিল। লর্ড কার্জনে এই নেতাসকলক হাতৰ মুঠিত ৰখাৰ উদ্দেশ্যে তেওঁলোকৰ বহুতকে ব্ৰিটিছ চৰকাৰে উপাধি, পদক আৰু পদ প্ৰদান কৰিছিল। উদাৰপন্থী কংগ্ৰেছ সদস্যক উচ্চ ন্যায়ালয়ৰ বিচাৰপতিৰ পদ, ব্ৰিটিছ সংসদত সদস্য পদ, ভাইচৰয় পৰিষদৰ সদস্য পদ নতুবা প্রাদেশিক পৰ্যায়ৰ লোভনীয় সদস্য পদ যাঁচি বংগ ভংগ পৰিকল্পনাত তেওঁলোকৰ সমৰ্থন আশা কৰিছিল।
উক্ত প্রলোভনৰ দ্বাৰাও কাৰ্জনে বংগ ভংগ বিৰোধী আন্দোলন দুৰ্বল কৰিব পৰা নাছিল। সুৰেন্দ্ৰ নাথ বন্দোপাধ্যায়, গোপালকৃষ্ণ গোখলে আদি কংগ্ৰেছৰ শীৰ্ষ নেতাৰ বংগবিৰোধী অটল স্থিতিয়ে চৰকাৰক শ’লঠেকত পেলাইছিল। বিপিন চন্দ্র পালে সকলো নেতাকে ব্ৰিটিছ প্রদত্ত উপাধি, পদ, পদবী আদি বৰ্জন কৰাৰ আহ্বান জনাইছিল। এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই গোপালকৃষ্ণ গোখলেই পোনপ্ৰথমে 'নাইটহুড' উপাধি ব্ৰিটিছ চৰকাৰক ঘূৰাই দিছিল।
চৰকাৰে কাঠোৰ আইন প্রয়োগ কৰি জনমত প্রকাশত বাধা আৰোপ কৰিছিল। ৩ জুন (১৯০৭) ব্ৰিটিছ চৰকাৰে সকলো দেশীয় সংবাদপত্ৰৰ ওপৰত সতৰ্কীকৰণ জাৰি কৰিছিল। বংগভংগ বিৰোধী আন্দোলনত গৌৰৱময় ভূমিকা পালন কৰা তিনিখন পত্রিকাৰ সম্পাদক ভূপেন্দ্ৰ নাথ দত্ত, ‘সন্ধ্যা’ৰ সম্পাদক ব্রহ্মবান্ধৱ উপাধ্যায় আৰু ‘বন্দে মা-তৰম’ ৰ সম্পাদক অৰবিন্দ ঘোষক ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধী সজাই তেওঁলোকৰ ওপৰত দমনমূলক আইন প্রয়োগ কৰি কঠোৰ শাস্তি বিহিছিল। ‘বন্দে মা-তৰম’ গীতটো ভাৰতবৰ্ষত নিষিদ্ধ কৰা হৈছিল ।
চৰকাৰৰ বংগ ভংগ বিৰোধী গণ আন্দোলনক খর্ব কৰাৰ উদ্দেশ্যে চৰকাৰে সৈন্যবাহিনীৰ যোগেদি হিংসা-সন্ত্ৰাস চলাইছিল। ১৯০৮ খ্রীষ্টাব্দৰ ১১ ডিচেম্বৰ তাৰিখে বংগ ভংগ বিৰোধী শীর্ষ নেতা কৃষ্ণকুমাৰ দত্ত, মনোৰঞ্জন গুহ, সুবোধ চন্দ্ৰ মল্লিক, শ্যাম কুমাৰ চক্ৰৱৰ্তী, শচীন্দ্ৰ প্ৰসাদ বসু, সতীশচন্দ্র চট্টোপাধ্যায়, ভূপেন্দ্র নাগ, পুলিন বিহাৰী দাস, অশ্বিনী কুমাৰ দত্তক নির্বাসন দণ্ড বিহিছিল।
প্ৰশ্ন: ৭) স্বদেশী আন্দোলনৰ তিনিটা ফলাফল উল্লেখ কৰা।
- (ক) ভাৰতবৰ্ষৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত হোৱা।
- (খ) বিহাৰ আৰু উৰিষ্যাৰ লগত ছোটনাগপুৰক সংলগ্ন কৰি মুখ্য আয়ুক্তৰ তলতীয়া এখন নতুন প্রদেশ গঠন হোৱা।
- (গ) শ্রীহট্ট আৰু কাছাৰসহ অসমক পুনৰ মুখ্য আয়ুক্তৰ তলতীয়া প্রদেশ হিচাপে ঘোষণা কৰা।
প্ৰশ্ন: ৮) স্বদেশী আন্দোলনৰ তিনিটা অবদান উল্লেখ কৰা।
(ক) স্বদেশী আন্দোলনে ভাৰতবাসীক গণ-আন্দোলন সম্পর্কে এটা ৰাজনৈতিক শিক্ষা দি যাবলৈ সক্ষম হৈছিল। দেশৰ সাধাৰণ জনগনে আন্দোলনত যোগদান কৰিলে গণ-আন্দোলনত জয়ী হোৱাটো যে সহজ সেই কথা ভাৰতীয়সকলে স্বদেশী আন্দোলনৰ যোগেদি আয়ত্ব কৰিব পাৰিছিল৷
(খ) বংগ ভংগক কেন্দ্ৰ কৰি জাতীয় কংগ্ৰেছৰ চিন্তা কৰ্মত পৰিবৰ্তনৰ সূচনা হৈছিল। ‘একমাত্র গণ সংগ্ৰামৰ যোগেদিহে ভাৰতীয়ৰ উন্নতি সম্ভৱ’— এই ভাৱনা স্বদেশী আন্দোলনে ভাৰতীয়সকলক প্ৰদান কৰিছিল।
(গ) লৰ্জ কাৰ্জনে ভাইচৰয়ৰ আসনত বহিয়েই ঘোষণা কৰিছিল——‘শাসন আৰু শোষণ একেলগে চলাই যোৱা হ’ব’। বংগবাসীয়ে সাম্রাজ্যবাদী শাসকৰ এই দম্ভোক্তিৰ উপযুক্ত উত্তৰ দিছিল বিদেশী পণ্য বৰ্জন, স্বদেশী পণ্যৰ বাৱহাৰ আৰু স্বদেশী শিল্প গঢ়ি তোলাৰ বাবে গ্ৰহণ কৰা মানসিক দৃঢ়তা আৰু একাগ্ৰতাৰ যোগেদি। সেইকাৰণেই ভাৰতৰ অর্থনীত আৰু শিল্প বিকাশৰ ইতিহাসত স্বদেশী আন্দোলনৰ অৱদান চিৰকাল জিলিকি থাকিব।
প্ৰশ্ন: ১০) স্বদেশী আন্দোলনৰ তিনিটা দুৰ্বল দিশ বিচাৰ কৰা।
(ক) সাম্রাজ্যবাদী শোষণ নীতিৰ বিৰুদ্ধে জনসাধাৰণক সজাগ কৰি তোলাই স্বদেশী আন্দোলনৰ উদ্দেশ্য আছিল । জনগণক স্বদেশী আদৰ্শৰে স্বাৱলম্বী হ'বলৈ আহ্বান কৰা হৈছিল যদিও স্বাৱলম্বিতাৰ বুনিয়াদ গঢ়ি তোলাৰ কাৰ্যসূচী আন্দোলনৰ নেতাসকলে গ্ৰহণ কৰা নাছিল। জনসাধাৰণক বিদেশী পণ্য ব্যৱহাৰত বাধা আৰোপ কৰা হৈছিল। তেওঁলোকে বিদেশী পণ্য পৰিহাৰ কৰি দুগুণ মূল্যত স্বদেশী পণ্য ক্রয় কৰিবলগা হৈছিল। ফলস্বৰূপে সমাজত দুৰ্বল আৰু দৰিদ্ৰ শ্ৰেণীয়ে আৰ্থিক দুর্দশাত ভুগিছিল।
(খ) ছাত্ৰসকলক চৰকাৰী স্কুল কলেজৰ শিক্ষা পৰিহাৰ কৰিবলৈ আহ্বান জনোৱা হৈছিল। অভিভাৱক আৰু ছাত্ৰই এই আহ্বানৰ প্ৰতি সঁহাৰি জনাইছিল যদিও চৰকাৰী বিদ্যালয় ত্যাগ কৰা হাজাৰ হাজাৰ ছাত্ৰই স্বদেশী স্কুলৰ অভাৱত আনুষ্ঠানিক শিক্ষা লাভৰ পৰা বঞ্চিত হৈছিল।
(গ) স্বদেশী আন্দোলনে হিন্দু-মুছলমানৰ মাজত একতা গঢ়ি তোলাত ব্যৰ্থ হৈছিল । এক কথাত স্বদেশী আন্দোলনৰ নেতৃবর্গই ব্ৰিটিছৰ কূটিল সাম্প্রদায়িক ভেদ-ভাৱ নীতিৰ ওচৰত পৰাজয় বৰণ কৰিবলগা হৈছিল। মলে-মিন্টো শাসন সংস্কাৰ আইনে (১৯০৯) সাম্প্রদায়িক ভেদাভেদক এটা চৰকাৰী নীতি হিচাপে স্বীকৃতি দিছিল। পৰৱৰ্তী কালত এই ভেদাভেদৰ তিক্ততা ক্ৰমাৎ বৃদ্ধি হৈছিল।
Short Notes (চমুটোকা লিখা)
(ক) কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰ
কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰ আছিল নবেল পুৰস্কাৰ বিজেতা এজন ভাৰতীয় বঙালী কবি, লিখক দার্শনিক আৰু স্বাধীনতা বিপ্লৱী। বংগ বিভাজনৰ বিৰোধিতা কৰা স্বদেশী আন্দোলনত তেওঁ সক্রিয়ভাৱে অংশগ্ৰহণ কৰিছিল। তেওঁ উদাত্ত ভাষণেৰে বংগবাসীক সাম্প্রদায়িক ঐক্য বজাই ৰাখিবলৈ আহ্বান জনাইছিল।
ৰবীন্দ্ৰনাথে বহুতো স্বদেশপ্রেমমূলক গীত ৰচনা কৰি ভাৰতবাসীক ইংৰাজৰ শোষণ নীতিৰ বিৰুদ্ধে সজাগ কৰি তুলিছিল । ৰবীন্দ্ৰনাথে ৰচনা কৰা সংগীত ‘বাঙালিৰ প্ৰাণ বাঙালিৰ মন, এক হওঁক, হে ভগৱান গীতটি গাই গাই হিন্দু-মুছলমানৰ মাজত যুগমীয়া সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ এনাজৰী সুদৃঢ় হৈছিল। কবিগুৰুৰ নেতৃত্বত হাজাৰ হাজাৰ জনতাই কালুতোলা আৰু চীৎপুৰ বৰ মছজিদত উপস্থিত হৈ মৌলবী আৰু অন্যান্য মুছলমান লোকসকলক ৰাখী বন্ধন কৰিছিল।
(খ) মার্গাৰেট এলিজাবেথ নবোল (ভগিনী নিবেদিতা)
'ভাৰত মাতা’ ছবিখনৰ চিত্ৰকৰ আছিল ভগিনী নিবেদিতা। অবনীন্দ্রনাথ ঠাকুৰৰ ‘বংগ মাতা’ ছবিখনৰ দ্বাৰা পাশ্চাত্য কলাৰ সমকক্ষ হিচাপে ভাৰতীয় কলাক প্ৰতিষ্ঠা কৰিছিল। ভগিনী নিবেদিতাই পাছত ‘বংগ মাতা’ক ‘ভাৰত মাতা’ৰ ৰূপ প্ৰদান কৰিছিল।
(গ) নবাব ছলিমউল্লা
বংগ ভংগৰ সময়ত ঢাকাৰ নবাব আছিল ছলিমউল্লা। লর্ড কার্জনে ছলিমউল্লাৰ জৰিয়তে পূর্ব বংগৰ মুছলমান জনতাক ওচৰ চপাই অনাৰ প্ৰচেষ্টা হাতত লৈছিল। ১৯০৬ চনৰ ৩০ ডিচেম্বৰ তাৰিখে ঢাকাৰ নবাব ছলিমউল্লাৰ আহ্বানক্রমে বংগদেশৰ একাংশ মুছলমান ঢাকা ৰাজদৰবাৰত আয়োজিত সভাত অংশগ্রহণ কৰিছিল আৰু এই সভাতে ‘সৰ্বভাৰতীয় মুছলিম লীগ' গঠন হৈছিল। ১৯১৫ খ্ৰীষ্টাব্দত ঢাকাৰ নবাব ছলিমউল্লাৰ মৃত্যু হোৱাত মুছলিম লীগৰ ৰক্ষণশীল চৰিত্ৰৰ কিছু পরিবর্তন ঘটিছিল।
(চ) অম্বিকাগিৰি ৰায়চৌধুৰী
অম্বিকাগিৰি ৰায় চৌধুৰী অসমৰ এজন বিপ্লৱী কবি, আলোচনী সম্পাদক আৰু স্বাধীনতা বিপ্লৱী আছিল। স্বদেশী আন্দোলনৰ প্ৰভাৱ অসমত পৰাৰ লগে লগে তেওঁ এই আন্দোলনত জঁপিয়াই পৰিছিল। তেওঁ ৰচিত ভালেমান দেশভক্তিমূলক কবিতাই অসমবাসীক স্বাধীনতা বিপ্লৱত জপিয়াই পৰিবলৈ উদ্বুদ্ধ কৰিছিল। ‘বন্দিনী-ভাৰত’ নামৰ এখন বিদ্ৰোহাত্মক নাটক ৰচনা কৰি তেওঁ যুৱ সম্প্রদায়ক স্বদেশী আন্দোলনৰ প্ৰতি আনুগত্য জন্মাৰ চেষ্টা কৰিছিল। ১৯০৬ চনৰ ৭ ছেপ্টেম্বৰ তাৰিখে ৰামফিল্ড ফুলাৰক হত্যা কৰাৰ বাবে গুৱাহাটী শ্বিলং পথত এটা বোমা পুতিছিল। এই সন্দৰ্ভত পুলিচে অম্বিকাগিৰি ৰায়চৌধুৰীক জেৰা কৰি ১৯১৪ চনলৈকে বৰপেটাত অন্তৰীণ কৰি থৈছিল।